ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপ দপকৈ জ্বলি উঠিল নাৰিকল গছ
ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপ দপকৈ জ্বলি উঠিল নাৰিকলৰ গছ । শুকুৰবাৰে বিয়লি ধুমুহা বৰষুণৰ এক আতংকময় পৰিবেশৰ মাজতেই মধুকুছি অঞ্চলত ঘটে এই অঘটন । প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে মধুকুছিত বজ্ৰ পৰি জ্বলি উঠে নাৰিকল গছৰ ওপৰভাগ । অঞ্চলটোত কেইবাঠাইত বজ্ৰ পৰাত কোনোমতে প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ । একাংশ লোকে জুই নিৰ্বাপন কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল যদিও প্ৰকৃতিৰ ওচৰত হাৰ মানে সকলোৱে । পিচত ধাৰাসাৰ বৰষুণ দিবলৈ ধৰাত জুই নিৰ্বাপন হয় ।