আমগুৰিৰ চৌদিশে এতিয়া বিহুৰ ব্যস্ততা - Covid 19
পুনৰ আহিল অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি ৷ অসমীয়াৰ মান-অভিমান-স্বাভিমানৰ প্ৰতীক ৰঙালী বিহু আহিলেই ডেকা-গাভৰুৰ গা সাতখন-আঠখন কৰে ৷ আমগুৰিতো দেখিবলৈ পোৱা গৈছে হেঁপাহৰ বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ দিকচু মিলনজ্যোতি পুথিভঁৰাল প্ৰাংগণত স্থানীয় যুৱক-যুৱতীসকল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰা কৰাত ৷ ঢোলৰ চেৱে-চেৱে নাচনীয়ে কঁকাল ভাঙি নাচিছে ৷ ঢুলীয়াই হেঁপাহ পলুৱাই বজাইছে ঢোল ৷ যোৱা বছৰ কৰ’ণাৰ সংক্ৰমণৰ বাবে বিহু উদযাপন কৰিব পৰা নাছিল ৰাজ্যবাসীয়ে ৷ এইবাৰ এইসকল যুৱক-যুৱতীসকলে বিহুক আদৰিবলৈ আখৰা সম্পূৰ্ণ কৰি তুলিছে ৷