বিজেপিৰ বাবে কোনো আইন নাই: ৰিপুন বৰা - Congress
ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই শনিবাৰে বোকাখাতত উপস্থিত হৈ বি জে পি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ বিজেপিৰ বাবে কোনো আইন নাই আৰু সেয়ে তেওঁলোকে নিৰ্বাচনী বিধি উলংঘা কৰিছে বুলি উল্লেখ কৰে সাংসদ বৰাই ৷ মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়ে পূৰ্বে কংগ্ৰেছী হিচাপেহে ভোট লাভ কৰিছিল বুলি উল্লেখ কৰি কুৰ্মীক ৰাইজে প্ৰত্যুত্তৰ দিব আৰু তেওঁ পৰাজিত হ’ব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ লগতে সাংসদগৰাকীয়ে বিজেপিক সমালোচনা কৰি কলে, বিজেপিয়ে প্ৰতিশ্ৰুতিহে দিলে, কিন্তু কোনো প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰিলে ৷ তেওঁ সম্প্ৰতি মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছ দলে ইয়াৰ ধাৰাবাহিকভাবে প্ৰতিবাদ কৰি আহিছে বুলি জানিবলৈ দিয়ে । আনহাতে বৰাক উপত্যকাৰ বিষয়ত বিধায়ক জয়ন্ত মল্ল বৰুৱাই তৃতীয় পক্ষৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰত্যুত্তৰত বৰাই কয় যে, বি জে পিয়ে ভূমিকম্প, বানপানী অহিলেও তৃতীয় পক্ষৰ হাত থকা বুলি কয় । তেওঁলোকে প্ৰকৃততে কংগ্ৰেছ দলকেই তৃতীয় পক্ষ বুলি ক’ব বিচাৰে বুলি বৰাই উল্লেখ কৰে ৷ তেওঁ লগতে উপ নিৰ্বাচনত কংগ্ৰেছে পাঁচোটা সমষ্টিতেই জয়লাভ কৰিব বুলি দাবী কৰে ৷