বিশ্বনাথত প্ৰমোদ বৰঠাকুৰৰ হৈ প্ৰচাৰ চলাব ৰাজনাথ সিঙে - বিশ্বনাথত ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ
আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাবলৈ বিজেপিয়ে নিমন্ত্ৰণ কৰিছে কেইবাগৰাকীয়ো ষ্টাৰ কেম্পেইনাৰ ৷ শনিবাৰে কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰীয়ে তিনিটাকৈ সমষ্টিত প্ৰচাৰ চলোৱাৰ পিছতে আজি পুনৰ ৰাজ্যলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গুৱাহাটীত উপস্থিত হৈ পোনে পোনে বিশ্বনাথলৈ ৰাওনা হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৷ বিশ্বনাথত প্ৰমোদ বৰঠাকুৰৰ হৈ প্ৰচাৰ চলাব সিঙে ৷