কৃষকৰ পৰা প্ৰতি কুইন্টল ধান 1868 টকাত ক্ৰয় কৰিব ৰাজেন গোহাঁয়ে
মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত শনিবাৰে কৃষকৰ সৈতে মত বিনিময় কৰে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ(Assam Food and Civil Supply) অধ্যক্ষ ৰাজেন গোহাঁইয়ে(Rajen Gohain) । কৃষকৰ দ্বাৰা উৎপাদিত খাদ্য সম্ভাৰৰ MSP সন্দৰ্ভত আলোচনা কৰে অধ্যক্ষগৰাকীয়ে । জিলাখনৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত ধান প্ৰতি কুইণ্টলত 1868 টকা দৰত ক্ৰয় কৰিব ৰাজেন গোহাঁইয়ে ৷ আগন্তুক 25 ছেপ্তেম্বৰলৈ চলিব লগা এই প্ৰক্ৰিয়াত সকলো কৃষকৰে সুবিধা নহ’লেও পৰৱৰ্তী বৰ্ষত ৰাজ্যৰ কৃষকসকল লাভবান হ’ব বুলি তেওঁ মন্তব্য কৰে ৷