ডিব্ৰুগড়ত ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ ৰাজা আলী - ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া
ডিব্ৰুগড়ত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ । ডিব্ৰুগড়ৰ আন এক পুৰণি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজা আলী এইবাৰ পৰিল আৰক্ষীৰ জালত । এই ড্ৰাগছ বিৰোধী অভিযানত ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৰাজা আলী । একালৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেইখৰ চহৰৰ কালিবাৰীৰ গৃহৰ সমীপত চলোৱা এই অভিযানত প্ৰায় 51 গ্ৰাম ব্ৰাউন চুগাৰ আৰু 15 গ্ৰাম হেৰ'ইনসহ গ্ৰেপ্তাৰ ৰাজা । ৰাজাৰ শহুৱেকৰ কালিবাৰীৰ গৃহৰ পৰা এই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোৱে । পূৰ্বে বহুবাৰ আৰক্ষীৰ জালত পৰা ৰাজাৰ বিৰুদ্ধে এই অভিযানৰ নেতৃত্ব লৈছিল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া, নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিংসহ সদৰ থানাৰ এটা দলে ৷ লগতে সহযোগ কৰিছিল চিআৰপিএফৰ 171 বেটালিয়ানৰ এটা বৃহৎ দলে । আৰক্ষীৰ মতে এই ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য বহুলাখ টকা হ'ব ।