অসম

assam

ETV Bharat / videos

হালধিবাৰীৰ কাণ্ডৰ ন্যায়ৰ দাবী সদৌ অসম ৰাভা ছাত্ৰ সন্থাৰ - Rabha student union press meet demanding justice

By

Published : Sep 20, 2021, 8:16 PM IST

শোণিতপুৰ জিলাৰ হালধিবাৰীত চলিত বৰ্ষৰ 20 ফেব্ৰুবাৰীত দুই মাতৃ-কন্যাক হত্যা কৰা দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবীত সদৌ অসম ৰাভা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা কমিটিৰ সংবাদমেল সম্বোধন ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি জনগোষ্ঠীয় সমাজকৰ্মী ৰাজু দেউৰীয়ে দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ হালধিবাৰীত যোৱা 20 ফেব্ৰুবাৰীত মাতৃ জিলি ৰাভা (45)ক ধৰ্ষণ কৰি হত্যা কৰাৰ লগতে কন্যা কৰবী ৰাভা(11)কো নিসংশ ভাৱে হত্যা কৰিছিল অচিণাক্ত দুৰ্বৃত্তই ৷ লগতে উক্ত ঘটনাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছিল এটি 3 বছৰীয়া কন্যা শিশু ৷ কিন্তু এই ঘটনাৰ 7 মাহ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী বিভাগ ৷ ৰাজনৈতিক কাৰণৰ লগতে জনগোষ্ঠীয় মানুহ বুলি অৱহেলা কৰি হত্যাকাৰীক আজিলৈকে গ্ৰেপ্তাৰ নকৰিলে বুলি সংবাদ মেলত অভিযোগ উত্থাপন কৰে জনগোষ্ঠীয় সমাজকৰ্মী ৰাজু দেউৰীয়ে ৷ ঘটনাত জড়িত দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে schedule cast and the scheduled tribes prevention of atrocities act মতে ভুক্তভোগী পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ বাবে দাবী জনায় ছাত্ৰ সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details