অসম

assam

ETV Bharat / videos

কামপুৰৰ পূৱ তেতেলীসৰাত চলিছে শ্ৰীকৃষ্ণ ৰাসৰ আখৰা - ৰাস উদযাপন কৰিবলৈ সাজু

By

Published : Nov 13, 2021, 6:57 PM IST

সমাগত ৰাস মহোৎসৱ (Raas mahotshav) । সমগ্ৰ ৰাজ্যত চলিছে ৰাসৰ প্ৰস্তুতি । ঠায়ে ঠায়ে চলিছে ৰাসৰ আখৰা । ব্যতিক্ৰম নহয় নগাঁও জিলাৰ কামপুৰ । কামপুৰৰ পূৱ তেতেলীসৰাত দেখিবলৈ পোৱা গৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা । শেহতীয়াকৈ অসম চৰকাৰে ৰাস সম্পৰ্কীয় যি ক'ভিড (Covid) নিৰ্দেশনা জাৰী কৰিছে তাক আদৰণি উদ্যোক্তাৰ । এছঅ'পি (SOP) অনুসৰি সম্পূৰ্ণ ক'ভিড প্ৰট'কল (Covid protocol) মানি ৰাস উদযাপন কৰিবলৈ সাজু হৈছে উদ্যোক্তা । এইবাৰ তেতেলীসৰা নিশাৰী পৰীয়া ৰাস উৎসৱ উদযাপন সমিতিয়ে ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব ৰাস মহোৎসৱ । আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে নৱেম্বৰৰ ২৪ তাৰিখে মহাৰাস আৰু ২৫ তাৰিখে অশ্বকৰ্ণ বধ ভাওনা প্ৰদৰ্শন কৰা হ'ব ।

ABOUT THE AUTHOR

...view details