Raas Mahotsav : ৰাস পূৰ্ণিমাৰ নিশা গোপিনীৰ নামেৰে মুখৰিত বৰপেটা সত্ৰৰ চৌহদ - শ্ৰীকৃষ্ণ
শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৷ শৰৎ কালৰ এই পূৰ্ণিমা ৰাত্ৰিৰ নিশাৰ পৰাই শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ চৌদিশ ৷ ৰাজ্যৰ ভিন্ন স্থানত উদযাপন কৰা হৈছে শ্ৰাকৃষ্ণৰ ৰাসোৎসৱ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ শৰতৰ পূৰ্ণিমা ৰাত্ৰিত নাম-কীৰ্তনেৰে মুখৰিত হৈ পৰিল বৰপেটা সত্ৰও ৷ সত্ৰনগৰীৰ গোপিনীসকল ৰাস পূৰ্ণিমাৰ নিশা ঘৰৰ পৰা বৰপেটা সত্ৰলৈ ওলাই আহি জগতৰ পতি শ্ৰীকৃষ্ণৰ নাম-গুণ-কীৰ্তনত বিয়াকুল হৈ পৰা পৰিলক্ষিত হ’ল ৷ পূৰ্বৰ পৰম্পৰা অনুসৰি ৰাস পূৰ্ণিমাৰ নিশা সত্ৰনগৰী বৰপেটাৰ ভকতপাৰা, ৰায়তপাৰা আদিকে ধৰি বিভিন্ন হাটীৰ গোপিনীসকলে বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ লগতে সত্ৰৰ বিভিন্ন স্থানতো কৰে শ্ৰীকৃষ্ণৰ বন্দনা ৷ আনকি গোপিনীসকলে দৌলৰ মঠ আৰু কেলি কদম বৃক্ষৰ চোপাশে ঘূৰি ঘূৰি শ্ৰীকৃষ্ণৰ নাম যশ, গুণানুকীৰ্তন কৰা পৰিলক্ষিত হয় ৷