Raas Mahotsav : শ্ৰীকৃষ্ণৰ ১৯ টি ৰূপৰ কেলিত উজ্জ্বীৱিত নগাঁৱৰ বঢ়মপুৰৰ ৰাস - কেন্দ্ৰীয় ৰাস পৰিচালনা সমিতি
দ্বিতীয় বৃন্দাবনলৈ পৰিণত নগাঁৱৰ বঢ়মপুৰ ৷ শ্ৰীকৃষ্ণৰ ১৯ টি ৰূপৰ কেলিত উজ্জ্বীৱিত হৈ পৰিল বঢ়মপুৰ বৃন্দাবনৰ বাকৰি ৷ ইতিমধ্যেই ৰাস পূৰ্ণিমা পাৰ হৈ গ'ল যদিও ৰাইজৰ মাজত কিন্তু এতিয়াও ম্লান হোৱা নাই শ্ৰীকৃষ্ণ ৰাসলীলাৰ উৎসাহ-উদ্দীপনা । ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে নগাঁও জিলাৰ বঢ়মপুৰতো শনিবাৰে শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন কৰিলে বঢ়মপুৰ কেন্দ্ৰীয় ৰাস পৰিচালনা সমিতিয়ে । বিগত বছৰ সমূহৰদৰে এইবছৰো এজোপা বটবৃক্ষৰ তল আটকধুনীয়াকৈ সজাই-পৰাই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ মহিলা-বোৱাৰী, যুৱতী-কিশোৰীৰ নৃত্যাভিনয়ৰে জীপাল কৰি তুলিলে ৰাসৰ থলী । উল্লেখ্য যে, বঢ়মপুৰ কেন্দ্ৰীয় ৰাসত ইচ্ছুক সকলৰ ভিতৰত কোনো এগৰাকীকো নিৰাশ নকৰি, শ্ৰীকৃষ্ণৰ চৰিত্ৰত নৃত্যাভিনয় কৰিবলৈ পূৰ্ণ সুযোগ প্ৰদান কৰা হয় । যাৰ বাবে এইবেলি ব্যতিক্ৰমীভাৱে বঢ়মপুৰৰ কেন্দ্ৰীয় ৰাসৰ মঞ্চত দেখা পোৱা গ'ল ১৯ জন শ্ৰীকৃষ্ণ । ১৯ জন কৃষ্ণৰ অপূৰ্ব নৃত্য শৈলীয়ে শনিবাৰৰ নিশা মন্ত্ৰমুগ্ধ কৰিলে ৰস থলীত সমবেত অজস্ৰজন দৰ্শক-শ্ৰোতাক ।