অসম

assam

By

Published : Jul 24, 2021, 9:04 AM IST

ETV Bharat / videos

লাভলীনাৰ সফলতা কামনাৰে ৰাইজৰ বন্তি প্ৰজ্বলন

টকিঅ’ অলিম্পিকত (Tokyo Olympic) অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই (Lovlina Borgohain) ৰ সফলতা কামনাৰে গোলাঘাটত শুকুৰবাৰে নিশা অনুষ্ঠিত কৰে বন্তি প্ৰজ্বলন তথা প্ৰাৰ্থনা কাৰ্যসূচী । বৰপথাৰৰ জীয়ৰী লাভলীনাৰ এই অলিম্পিক যাত্ৰাত সফলতা কামনাৰে গোলাঘাট জিলা ক্ৰীড়া সন্থা আৰু জিলা প্ৰশাসনে গোলাঘাটৰ তিনিটা স্থানত বন্তি প্ৰজ্বলনৰে প্ৰাৰ্থনা জনায় । নগৰখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । উক্ত অনুষ্ঠানত গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ, বোলছবি পৰিচালক দীনেশ গগৈ, জনসংযোগ বিষয়া পম্পী দেৱী, ক্ৰীড়া সংগঠক সঞ্জীৱ সন্দিকৈ, অজয় ভৰালী, প্ৰকাশ বৰা, হেৰল্ড চাংমাই অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে গোলাঘাট টোকানী চাৰ্কোল আৰু বাটা পইণ্টত গোলাঘাট ক্ৰীড়া সন্থাৰ খেলুৱৈসকলে বন্তি প্ৰজ্বলন কৰি লাভলীনা বৰগোঁহাইয়ে যাতে স্বৰ্ণ পদক লাভ কৰিব পাৰে তাৰ কামনা কৰে ৷ ইতিমধ্যে বক্সিঙৰ প্ৰথম ৰাউণ্ডৰ খেলত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ বিপৰীতে ৰিঙত অৱতীৰ্ণ হ’ব জাৰ্মানীৰ বক্সাৰ নাদীন এপেজ । 27 জুলাইত প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ৰিঙত নামিব অসম কন্যা লাভলীনা ৷

ABOUT THE AUTHOR

...view details