অসম

assam

By

Published : Oct 2, 2021, 4:32 PM IST

ETV Bharat / videos

গান্ধী জয়ন্তীৰ পুৱাতে ৰাজহুৱা পুখুৰী চাফা কৰিলে বজালীৰ উপায়ুক্তই

কেতিয়াবা শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক পাঠদান, কেতিয়াবা পুথিভঁৰালত, কেতিয়াবা আকৌ খেতিপথাৰত কৃষকৰ সতে কাম কৰা উপায়ুক্তগৰাকী এইবাৰ পুৱাতে ওলাল বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ থকা ৰাজহুৱা পুখুৰী চাফা কৰিবলৈ । আমি কৈছো বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ কথা । বজালীৰ উপায়ুক্তগৰাকীয়ে ইতিমধ্যে সামাজিক কামত মনোনিৱেশ কৰি সকলোৰে প্ৰিয়ভাজন হৈ বজালীৰ উন্নয়নৰ বাবে ন ন পদক্ষেপ গ্ৰহণ কৰিছে । এইবাৰ উপায়ুক্তগৰাকীয়ে গান্ধী জয়ন্তীৰ উপলক্ষ্যে শনিবাৰে পুৱা পাটাছাৰকুছি বিদ্যাপীঠৰ গাতে লাগি থকা বৃটিছৰ দিনৰে ৰাজহুৱা পুখুৰী চাফা কৰিবলৈ উপস্থিত হয় ৷ উপায়ুক্তগৰাকীৰ লগত আহে অঞ্চলটোৰ কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ লোক । কলৰ ভুৰত উঠি নিজে মেটেকা আৰু জংগল চাফা কৰে উপায়ুক্তগৰাকীয়ে ৷ পুখুৰীত মাছৰ পোনা এৰি দিয়াৰ লগতে পুখুৰীৰ পাৰত গছপুলি ৰোপণ কৰে উপায়ুক্ত চৌধুৰীয়ে । তেওঁ দীৰ্ঘদিনে বন্ধ হৈ থকা ৰঘুনাথ চৌধুৰী পথটিও মুকলি কৰে ।

ABOUT THE AUTHOR

...view details