ভূমিপট্টা বিচাৰি নাৰায়ণপুৰত ৰাজহুৱা সভা
এইবাৰ ভূমিপট্টা বিচাৰি একগোট হ'ল একাংশ খিলঞ্জীয়া । বছৰ বছৰ ধৰি চৰকাৰী ভূমি তথা গ্ৰেজিং মাটিত বসবাস কৰি অহা নাৰায়ণপুৰৰ একাংশ দেউৰী, মিচিং লোকে চৰকাৰক ভূমি পট্টা বিচাৰি জনালে দাবী । নাৰায়ণপুৰৰ দেউৰী পৰিষদৰ অতিথিশালাত সকলো ৰাইজৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বৰে মিলিত হৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰি গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ । দাবী পূৰণ নহ’লে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ এইসকল খিলঞ্জীয়া লোকৰ ।