Protset against price hike : সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট - sangarami yuva satra parisad protest
যোৰহাটত শুকুৰবাৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস (Protset against price hike) কৰাৰ দাবী জনাই সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যসূচী হাতত লয় ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যৰ যোগান মন্ত্ৰী ৰণজিৎ দাসৰ নেতৃত্বতে খাদ্য সামগ্ৰীৰ বজাৰখনত এক বৃহৎ ছিণ্ডিকেটৰাজ চলি থকাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷ তদুপৰি তেওঁক যোগান মন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে ৷ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিত দত্তৰ উপস্থিতিত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ মহিলা মৰ্চাই একেলগে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷