শ্বেৰমান আলীক মুক্তিৰ দাবীত বাঘবৰত ৰাইজৰ প্ৰতিবাদ - protest against sherman ali ahmeds arrest
শনিবাৰে প্ৰতিবাদত উত্তাল হ’ল বৰপেটা জিলাৰ বাঘবৰ ৷ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাঘবৰ সমষ্টিৰ ৰাইজে । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, শ্বেৰমান আলী আহমেদক বিনা চৰ্তে মুক্তি দিয়ক আদি ধ্বনিৰে বাঘবৰৰ পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীৰ দাবী, যেতিয়ালৈকে বিধায়ক শ্বেৰমান অলীক অসম আৰক্ষীয়ে এৰি নিদিয়ে তেতিয়ালৈকে অব্যাহত থাকিব বাঘবৰৰ এই আন্দোলন ।