Guwahati school girl suicide case : মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ
শুকুৰবাৰে মহানগৰীৰ ওদালবাক্ৰা মডাৰ্ণ ইংলিছ স্কুলত ক্ৰীড়া সমাৰোহ চলি থকাৰ মাজতে পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা (Guwahati school girl suicide case) চলাইছিল এগৰাকী ছাত্ৰীয়ে । আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই হায়াট হাস্পতালত ভৰ্তি কৰোৱায় ৷ চিকিৎসাধীন অৱস্থাতে নিশা প্ৰায় দুই বজাত শেষ নিশ্বাস ত্যাগ কৰে মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীগৰাকীয়ে ৷ জানিব পৰা মতে, বিদ্যালয়খনৰে নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ছাত্ৰীগৰাকীৰ । যাৰ বাবে বিদ্যালয়খনৰ অধ্যক্ষাগৰাকীয়ে ছাত্ৰীগৰাকীক প্ৰায়েই কথা শুনাইছিল । ইয়াৰ ফলতেই মানসিকভাৱে ভাগি পৰিছিল ছাত্ৰীগৰাকী । ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাচতে দেওবাৰে মডাৰ্ণ ইংলিছ স্কুলৰ লগতে বিদ্যালয়ৰ অধ্যক্ষাৰ বাসগৃহৰ সন্মুখত বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত (protest against guwahati school girl suicide case) কৰে ৷ বিদ্যালয়খনৰ অধ্যক্ষাই ছাত্ৰীগৰাকীক মানসিক নিৰ্যাতন চলাই পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ কৰে ৰাইজে । ইতিমধ্যে ছাত্ৰীগৰাকীৰ পৰিয়ালে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷