ভূমি বিবাদক লৈ ৰঙিয়াত ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ এজন লোকৰ - হোৱাইট ব'ৰ্ড ডিঙিত ওলোমাই বিক্ষেভ প্ৰদৰ্শন
মাটিৰ সমস্যাৰ সমাধান নোহোৱাক লৈ মঙলবাৰে ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিলে এজন লোকে(Protest against circle officer in Rangia) । প্ৰফুল্ল কলিতা নামৰ লোকজনে কেইবাটাও প্ৰশ্ন সম্বলিত এখন হোৱাইট ব'ৰ্ড ডিঙিত ওলোমাই বিক্ষেভ প্ৰদৰ্শন কৰে । দিলীপ ভূঞা নামৰ তৰণী এজনৰ বিৰুদ্ধেও তেওঁ অভিযোগ উত্থাপন কৰে । প্ৰফুল্ল কলিতাৰ পিতৃ বাবুৰাম কলিতাৰ নামত পঞ্জীয়ন হৈ থকা মাটিৰ ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰি মাটিখিনি হস্তগত কৰাৰ অভিযোগ উত্থাপিত হৈছে দিলীপ ভূঞাৰ বিৰুদ্ধে(Prafulla Kalita stages protest over land issue) । ১৯৭০ চনত নামজাৰি হোৱা মাটিখিনিৰ নতুন দলিল ১৯৭২ চনত পুনৰ প্ৰস্তুত কৰা হৈছে বুলি অভিযোগ তোলে প্ৰফুল্ল কলিতাই । আনহাতে, ব্যক্তিজনে ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, ৰঙিয়া ৰাজহ চক্ৰ বিষয়াই পক্ষপাতমূলকভাৱে বাবুৰাম কলিতাৰ নামত নামজাৰি হৈ থকা মাটিখনি তেওঁৰ নামত নাই বুলি প্ৰতিবেদন দাখিল কৰিছে । আনহাতে, দিলীপ ভূঞাই প্ৰফুল্ল কলিতাৰ সকলো অভিযোগ নস্যাৎ কৰাৰ উপৰিও প্ৰফুল্ল কলিতাক মানসিকভাৱে বিকাৰগ্ৰস্ত বুলিহে অভিহিত কৰে । যিহেতু ঘটনাটো আদালতৰ বিচাৰাধীন সেয়েহে আদালতৰ ৰায় মানি ল'ব বুলিও তেওঁ জানিবলৈ দিয়ে । জানিব পৰা মতে, দুয়োৰে ঘৰ ৰঙিয়াৰ নিকটৱৰ্তী তৰণী অঞ্চলত ।
TAGGED:
Public protest