অসম

assam

ETV Bharat / videos

কৃষকক ক্ষতিপূৰণ নিদিয়ে আজুৰ কোম্পানীয়ে - সৌৰ শক্তিৰ বৃহৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ

By

Published : Mar 10, 2021, 8:44 PM IST

নগাঁৱৰ বামুণী মিকিৰ গ্ৰাণ্টৰ কৃষিভূমিত আজুৰ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে সৌৰ শক্তিৰ এটা বৃহৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰাক লৈ কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ এনে সময়তে বুধবাৰে নগাঁৱত এখন সংবাদমেলৰ আয়োজন কৰে আজুৰ নামৰ কোম্পানীটোৱে ৷ সংবাদমেলৰ আয়োজন কৰি সৌৰ শক্তি প্ৰকল্প নিৰ্মাণ কৰা ভূমি ক্ৰয় কৰি লোৱা বুলি দাবী কৰি কৃষকক কোনো ক্ষতিপূৰণ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে কোম্পানীটোৱে ৷ লগতে সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰা ঠাই হাতীৰ কৰিডৰ নহয় বুলি বন বিভাগৰ প্ৰতিবেদন লাভ কৰাৰ পাচত প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি মন্তব্য কৰে কোম্পানীটোৰ কৰ্তৃপক্ষই ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details