অসম

assam

ETV Bharat / videos

তুংগত বিধায়ক-প্ৰাক্তন বিধায়কৰ সংঘাট: কৰিমুদ্দিনক প্ৰত্যুত্তৰ আমিনুল হক লস্কৰৰ

By

Published : Jul 20, 2021, 3:26 PM IST

সোনাই সমষ্টিৰ (Sonai LAC) বিধায়ক কৰিমউদ্দিন বৰভূঞা (MLA Karim Uddin Barbhuyan)ৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত উত্থাপিত তথ্যৰ বিসংগতিৰ বিৰুদ্ধে মঙলবাৰে মুখ খুলিলে প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে (Aminul Haque Laskar) । সোনাইৰ প্ৰাক্তন বিধায়ক লস্কৰে সংবাদমেলযোগে সদৰী কৰা অনুসৰি কৰিমউদ্দিন বৰভূঞা (MLA Karim Uddin Barbhuyan) ই উচ্চতৰ মাধ্যমিক পৰীক্ষা (HS)ত উত্তীৰ্ণ হোৱা নাই । বিধায়কগৰাকীয়ে জালিয়াতিৰ আশ্ৰয় লৈ প্ৰথমতে কাৰিকৰী অভিযন্তাৰ ডিপ্ল’মাৰ এখন প্ৰমাণপত্ৰ নিজৰ নামত উলিয়ায় ৷ এই প্ৰমাণপত্ৰ সময়ত ভুৱা প্ৰমাণিত হয় । ইয়াৰ পাছত বিধায়কগৰাকীয়ে মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতকৰ প্ৰমাণপত্ৰ উলিয়ায় । চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ RTI তথ্যৰ পৰা কৰিমউদ্দিন বৰভূঞা বুলি যে কোনো ছাত্ৰ উক্ত শিক্ষা প্ৰতিষ্ঠানত নাই, সেই কথা প্ৰমাণিত হৈছে ।

ABOUT THE AUTHOR

...view details