অসম

assam

হিমন্ত বিশ্ব শৰ্মাই মূৰ্খৰ স্বৰ্গত বাস কৰিছে: ভবেন বৰুৱা

By

Published : Mar 13, 2021, 10:42 PM IST

ডিব্ৰুগড় জিলাৰ চাবুৱাত শনিবাৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে আয়োজন কৰে এখন সংবাদমেল ৷ সংবাদমেলত ৰাইজৰ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন অগপ চৰকাৰৰ মন্ত্ৰী ভবেন বৰুৱাই অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাক প্ৰাসংগিক বুলি ভবা নাই বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি মন্তব্য কৰে । আনহাতে অগপই ২০১৬ তে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱালে আৰু সেয়ে দলটোৰ পৰা আঁতৰি অহাৰ কথা ব্যক্ত কৰে ৷ বৰুৱাই লগতে চাবুৱা সমষ্টিত এইবাৰ নিৰ্দলীয় বনাম নিৰ্দলীয়ৰ মাজত মূল নিৰ্বাচনী যুঁজখন হ'ব বুলি উল্লেখ কৰে । উল্লেখ্য যে, চাবুৱা সমষ্টিত দল দুটাই এখন শক্তিশালী নিৰ্বাচনী সমিতি গঠন কৰি আগন্তুক দিনত বিৰোধী প্ৰাৰ্থীক প্ৰতিহত কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰে । লগতে এইবাৰ নিৰ্বাচনত বিপুল ভোটত জয় হোৱাৰ দাবী কৰে দল দুটাই ।

ABOUT THE AUTHOR

...view details