অসম

assam

ETV Bharat / videos

অখিল গগৈৰ লগত হোৱা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী: পৱন গগৈ - গণতন্ত্ৰ

By

Published : May 21, 2021, 8:39 PM IST

বিধানসভাৰ মজিয়াত অখিল গগৈৰ লগত ঘটা কাৰ্য সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰ একতা সভাৰ সভাপতি পৱন গগৈয়ে কয় যে, বিধানসভাৰ মজিয়াত অখিল গগৈৰ লগত যি ঘটনা সংঘটিত হ'ল, সেয়া গণতন্ত্ৰৰ পৰিপন্থী ৷ গণতন্ত্ৰত বিশ্বাস কৰা কোনো ব্যক্তিয়ে এই কাৰ্য মানি ল'ব নোৱাৰে ৷ ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ ৰাইজে দিয়া জনাদেশৰ ভিত্তিত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো তেওঁক বিধানসভাৰ মজিয়ালৈ সাধাৰণ চোৰ-ডকাইতৰ দৰে ধৰি বান্ধি নিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পৰৱৰ্তী সময়ত বিধানসভাৰ মজিয়াত যাতে এনে কাৰ্য সংঘটিত নহয়, তাৰ বাবে অনুৰোধ জনায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি পৱন গগৈয়ে ৷

ABOUT THE AUTHOR

...view details