অসম

assam

By

Published : Apr 11, 2021, 10:56 PM IST

ETV Bharat / videos

বিশ্বনাথত ক’ভিড প্ৰটকল মানি ৰঙালীক আদৰাৰ প্ৰস্তুতি

“বহাগ মাথোঁ এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ই সাহ" ৷ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী ৷ কৰ’ণা মহামাৰীয়ে কালৰূপ লৈ সন্ত্ৰাসৰ সৃষ্টি কৰিলেও ৰঙালীৰ উচাহ যেন ম্লান পেলাব পৰা নাই ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ হেলেমৰ বুৰৈ অঞ্চলৰ লেপেটাপাৰা গাঁৱৰ মিচিং ডেকা-গাভৰুসকলে চলাইছে ৰঙালীক আদৰাৰ প্ৰস্তুতি । ঐনিতমৰ তালে তালে নাচিছে মিচিং কনেংসকলে । ক’ভিড প্ৰট’কলৰ লগতে চৰকাৰী নীতি-নিয়ম মানি ৰঙালীক আদৰাৰ অন্তিমটো অনুশীলনত ব্যস্ত হোৱা দেখা গৈছে হেলেমৰ লেপেটাপাৰাৰ মিচিং ৰাইজক ।

ABOUT THE AUTHOR

...view details