অসম

assam

ETV Bharat / videos

টীয়কত বাপতি সাহোন কাতি বিহুৰ ব্যাপক প্ৰস্তুতি - কাতি বিহু

By

Published : Oct 18, 2021, 11:37 AM IST

কৰ’ণাতংক, বান, খৰাং বতৰ তথা মূল্যবৃদ্ধিয়ে(Price Hike) জৰ্জৰিত কৰা অসমীয়া চহা সমাজে সকলো বাধা নেওচি আজি উদযাপন কৰিব বাপতি সাহোন কাতি বিহু(Kati Bihu)। পৰম্পৰাগতভাৱে ৰাজ্যৰ প্ৰতিঘৰ অসমীয়াৰ চোতালত ৰোৱা তুলসীৰ তলত আৰু প্ৰতিখন পথাৰত চাকি-বন্তি জ্বলাই আগন্তুক দিনসমূহত যাতে সোণোৱালী শস্য নদন-বদন হৈ ভঁড়াল মেটমৰা হৈ পৰে, তাৰে কামনাৰে নেদেখাজনৰ চৰণত সেৱা লয় অসমীয়া ৰাইজে । টীয়কৰ বনাই অঞ্চলৰ ৰাইজেও পুৱাৰ ভাগতে পবিত্ৰ তুলসীৰ তলত সুন্দৰকৈ মাটিৰে লেপ দি সন্ধিয়া বন্তি দিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে । লগতে ঘৰৰ পদূলিমুখত, গোহালি ঘৰত তথা পথাৰত যাতে পোক-পৰুৱাই ধাননিৰ অনিষ্ট সাধন কৰিব নোৱাৰে, তাৰ বাবে আকাশবন্তি প্ৰজ্বলন কৰিবলৈ কলগছৰ টুকুৰা সাজি, বাঁহৰ খুঁটি কটাত ব্যস্ত হৈ পৰিছে । এই সন্দৰ্ভত চাওক সংবাদদাতা সাৰংগপাণি শইকীয়াৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details