অসম

assam

ETV Bharat / videos

প্ৰাসংগিক প্ৰেক্ষাপট: এইবাৰৰ অতিথি বিশ্বনাথৰ চিকিৎসক ডাঃ ৰঞ্জন গগৈ - বিশ্বনাথৰ চিকিৎসক ডাঃ ৰঞ্জন গগৈ

By

Published : Jan 10, 2021, 10:40 AM IST

এগৰাকী মানৱ দৰদী চিকিৎসক ৷ চৰকাৰী চাকৰি বাদ দি সমাজ সেৱা কৰা বিশ্বনাথৰ চিকিৎসক ডাঃ ৰঞ্জন গগৈ প্ৰাসংগিক প্ৰেক্ষাপটৰ অতিথি ৷ বহু লোকৰ বাবে ত্ৰাণকৰ্তাৰ ভূমিকা গ্ৰহণ কৰা ডাঃ ৰঞ্জন গগৈয়ে অসম অৰুণাচল সীমান্তত অনগ্ৰসৰ অঞ্চল সমূহত দুখীয়া লোকসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে বিগত ৩০ বছৰ ধৰি ৷ তেখেতৰ উদ্যোগত জনজাতীয় বসতি প্ৰধান অঞ্চলসমূহত বৃদ্ধ বৃদ্ধাসকলৰ লগতে শিশু আৰু প্ৰসূতিসকলৰ বাবে সময়ে সময়ে স্বাস্হ্য শিবিৰ অনুষ্ঠিত কৰাৰ লগতে কেবাজনো আৰ্থিকভাৱে পিচপৰা ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ পঢ়াৰ খৰচ বহন কৰিছে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০% নম্বৰ লাভ কৰা ১০ জনৰো অধিক ছাত্ৰক চাইকেল প্ৰদান কৰাৰ লগতে গগৈয়ে বিশ্বনাথৰ ঐতিহাসিক প্ৰতাপগড় চাহ বাগিচাৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰক নিজা খৰচত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে অধ্যয়নৰ কাৰণে কম্পিউটাৰসহ সম্পূৰ্ণ খৰচ বহন কৰি আছে ৷ এগৰাকী সু চিকিৎসক হোৱাৰ লগতে গগৈ অসম ৰাজ্যিক বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী দায়িত্বশীল সদস্য তথা বিশ্বনাথ জিলাৰ সক্ৰিয় কৰ্মী ৷ আমি কথা পাতিছিলো তেখেতৰ সৈতে, কিয়, কি কাৰণত ৰাইজক সহায় কৰি আহিছে, চিকিৎসা বিজ্ঞানৰ পৰা ৰাজনীতিলৈ, সমাজ সেৱাৰ পৰা দুখীয়াৰ ত্ৰাণকৰ্তালৈ সকলো সামৰি প্ৰাসংগিক প্ৰেক্ষাপট ৷

ABOUT THE AUTHOR

...view details