অসম

assam

ETV Bharat / videos

হৰ্ছ ট্ৰেডিঙৰ ভয়ত বিপিএফৰ প্ৰাৰ্থীক আৱদ্ধ কৰাৰ প্ৰয়োজন নাই : প্ৰমীলা ৰাণী ব্ৰহ্ম

By

Published : Apr 9, 2021, 10:32 PM IST

হৰ্ছ ট্ৰেডিঙৰ ভয়ত বিপিএফৰ প্ৰাৰ্থী সকলক কোকৰাঝাৰ এখন হোটেলত আৱদ্ধ কৰি ৰখা হৈছে বুলি বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ৷ শুকুৰবাৰে নিশা কোকৰাঝাৰ চহৰস্থিত নিজ বাসভৱনত প্ৰমিলা ৰাণী ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে, হৰ্ছ ট্ৰেডিঙৰ ভয়ত বিপিএফৰ প্ৰাৰ্থী সকলক হোটেলত আৱদ্ধ কৰি ৰখাৰ কোনো প্ৰয়োজন নাই ৷ হৰ্ছ ট্ৰেডিঙৰ আশংকা নথকা নহয় বুলিও সাংবাদিকৰ আগত তাৎপৰ্য মন্তব্য কৰে প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ কিছু হিচাপ-নিকাচৰ বাবে মিলিত হোৱাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে প্ৰাৰ্থী সকলক কোকৰাঝাৰত তলৱ কৰিছে বুলি মন্তব্য কৰে প্ৰমীলা ৰাণী ব্ৰহ্মই ৷ বিটিআৰৰ বাৰটা বিধানসভা সমষ্টিৰ ভিতৰত বিপিএফ দলে এঘাৰটাতেই লাভ কৰাটো নিশ্চিত বুলি দাবী কৰিছে বিপিএফৰ মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details