প্ৰদীপ দত্ত ৰয়ে অসমীয়া-বঙালীৰ ভ্ৰাতৃত্ববোধ বিনষ্ট কৰাৰ প্ৰয়াস কৰিছে : গৌতম ৰয় - প্ৰদীপ দত্ত ৰয়ৰ অসমীয়া ভাষাক সমালোচনা
বিতৰ্কিত বঙালী নেতা তথা বৰাক ডেম’ক্ৰেটিক ফ্ৰ’ণ্টৰ মুখ্য নেতা প্ৰদীপ দত্ত ৰয়ক তীব্ৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়(Gautam roy criticizes BDF chief Pradip Dutta Roy)ৰ ৷ প্ৰদীপ দত্ত ৰয়ে অসমীয়া-বঙালীৰ মাজৰ ভ্ৰাতৃত্ববোধ(Brotherhood between Assamese and Bengali people) বিনষ্ট কৰাৰ প্ৰয়াস কৰিছে ৷ দেশত এতিয়াও আইন আছে ৷ কোনো ব্যক্তি আইনৰ উৰ্ধত নহয় ৷ দোষ কৰিলে শাস্তি ভুগিবই লাগিব ৷ অসমৰ বাবে এয়া এক 'Sentiment' ৰ বিষয় ৷ চৰকাৰে এই সন্দৰ্ভত স্থিতি গ্ৰহণ কৰিছে ৷ অসমৰ নাগৰিকৰ মনত বৰাকৰ বঙালী ভাষা-ভাষী লোকৰ বিৰুদ্ধে কোনো বিৰূপ মনোভাৱ নাই ৷ সেইবাবেই তেওঁ এগৰাকী বঙালী হৈ সুদীৰ্ঘ 19 বছৰ ধৰি অসম ক্ৰিকেট সংস্থাৰ সভাপতিৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱা বুলি প্ৰাক্তন মন্ত্ৰী ৰয়ে সদৰী কৰে ৷ প্ৰদীপ দত্ত ৰয়ৰ নিচিনা ব্যক্তিসকলৰ বাবে এই ভাতৃত্ববোধ বিনষ্ট হ’ব পাৰে বুলিও আশংকা ব্যক্ত কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ শুনক তেওঁৰ মুখেৰে...