অসম

assam

ETV Bharat / videos

National Highway Condition : বিহালীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ধূলিময় পৰিৱেশ

By

Published : Nov 21, 2021, 12:12 PM IST

বিহালীৰ বৰগাঙত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ লগতে ঘাইপথত বিৰাজ কৰিছে ধূলিময় পৰিৱেশে(Dusty Environment of NH15)। ঘাইপথৰ সমীপৰ দোকান-পোহাৰ বন্ধ কৰিবলৈ বাধ্য হৈছে ব্যৱসায়ীসকলে ৷ ঘাইপথৰ জৰাজীৰ্ণ ৰূপ আৰু ধূলিসদৃশ পৰিৱেশে জীয়াতু ভোগাইছে বৰগাংবাসী ৰাইজক । যাৰ পৰিপেক্ষিতত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা(Road Accident) । বিশ্বনাথৰ পৰা গহপুৰলৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি আছিল টি কে ইঞ্জিনিয়াৰিং নামৰ সংস্থাটোৱে ৷ পিছে বিগত 4-5 বছৰে ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাত নতুনকৈ নিবিদা লাভ কৰিছে ডাট্টাৰ কনষ্ট্ৰাকশ্যন কোম্পানীটোৱে । কিন্তু নতুন কোম্পানীটোৱে সঠিককৈ কাম আৰম্ভ নকৰাত ঘাইপথত ধূলি-বালি পৰিৱেশৰ সৃষ্টি হৈছে । অতি দুখৰ বিষয় যে, ধূলি-বালিৰ বাবে ঘাইপথৰ সমীপৰ দোকানত গ্ৰাহকৰ অভাৱ ঘটিছে । এই ক্ষেত্ৰত পথ নিৰ্মাণকাৰী সংস্থা কিম্বা চৰকাৰক শীঘ্ৰেই পথটো পুনঃনিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details