Police seizes handmade pistol: বৰপেটাৰ হাউলীত হস্তনিৰ্মিত পিষ্টলসহ এজনক আটক - Arms seized at Barpeta
বৰপেটা জিলাৰ হাউলীত হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ । হাউলীৰ মিনি চিমলা গাৱঁৰ পৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে হস্ত নিৰ্মিত পিষ্টলটো । আৰক্ষীয়ে পিষ্টলৰ লগতে আটক কৰিছে বিল্লাল হুছেইন নামৰ এজন যুৱকক (Police seizes handmade pistol at Howly in Barpeta, one arrested) ৷ হাউলীস্থিত CRPF দশম বেটেলিয়ানৰ সহযোগত হাউলী আৰক্ষীয়ে চলাইছিল এই অভিযান । এই অভিযানত ধৃত যুৱকৰ নিজ বাসগৃহৰ পৰাই আৰক্ষীয়ে জব্দ কৰে হস্ত নিৰ্মিত পিষ্টলটো ।