ক'ভিড সজাগতাৰ লক্ষ্যেৰে এইবাৰ আৰক্ষীৰ ৰেলী
জনতাৰ মাজত ক'ভিডৰ সজাগতাৰ লক্ষ্যৰে গোলাঘাট নগৰত আৰক্ষী, জিলা প্ৰশাসন আৰু চিআৰপিএফৰ ক'ভিড সজাগতা এক ৰেলী ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ নেতৃত্বত গোলাঘাট আৰক্ষী আৰু চিআৰপিএফৰ উদ্যোগত এই সজাগতা ৰেলী বাহিৰ কৰা হয় ৷ ক'ভিডৰ বিৰুদ্ধে সজাগতা অনাৰ উদ্দেশ্যে গোলাঘাট সদৰ আৰক্ষী থানাৰ পৰা খোজকাঢ়ি গোলাঘাট চহৰৰ মাজমজিয়াৰে এই সজাগতা ৰেলী বাহিৰ কৰা হয় ৷ ৰেলীত গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলাখনৰ আৰক্ষী উচ্চপদস্থ বিষয়াৰ লগতে চিৰআৰপিএফৰ জোৱানসকলে অংশগ্ৰহণ কৰে । অসমৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ গোলাঘাটত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক'ভিড পজিটিভ ৰোগীৰ সংখ্যা ৷ জিলাখনত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই এনেদৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ৰেলী উলিয়াইছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ৷