এইবাৰ সুলভ মূল্যৰ চাউলত ওলাল প্লাষ্টিকৰ চাউল
কামপুৰত পুনৰ ওলাইছে আসোঁৱাহযুক্ত চাউল ৷ নগাঁও জিলাৰ কামপুৰৰ বিষ্ণুপুৰ সমবায় সমিতিৰ অন্তৰ্গত কাৱৈমাৰীত সুলভ মূল্যৰ চাউলৰ মাজত প্লাষ্টিক সদৃশ নকল চাউল মিহলি হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ সুলভ মূল্যৰ বিপনী সমূহৰ জৰিয়তে হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰা চৰকাৰী চাউলক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, জুইত দিলে প্লাষ্টিক গলাৰ দৰে চাউলবোৰ গলি যায় আৰু পানীত তিয়াই থ’লে এই চাউলবোৰ হৈ পৰে ভাত ৷ অতি শীঘ্ৰে এনে আঁসোৱাহযুক্ত চাউল যোগান বন্ধ কৰি উচিত তদন্তৰ দাবী জনাইছে ৰাইজে ৷