ভোগালী বিহু উপলক্ষে মাজুলীত পিঠা আৰু জলপান সজোৱা প্ৰতিযোগিতা - চামগুৰি নৱজোতি মহিলা সমিতিৰ সৌজন্যত জলপান সজোৱা প্ৰতিযোগিতা
ভোগালী বিহু উপলক্ষে মাজুলীৰ নতুন চামগুৰি নৱজোতি মহিলা সমিতিৰ সৌজন্যত অনুষ্ঠিত কৰা হয় পিঠা আৰু জলপান সজোৱা প্ৰতিযোগিতা (pitha and jalpan competition at Majuli) । কেইবাখনো গাঁৱৰ মহিলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে (decorating pitha and jalpan competition) । উক্ত অনুষ্ঠানটোত অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিসকলক শ্ৰদ্ধা জ্ঞাপন কৰা হয় । উঠি অহা প্ৰজন্মক ভোগালী বিহুৰ পৰম্পৰাৰ লগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেই এই অনুষ্ঠানৰ (decorating pitha and jalpan competition at Majuli) আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে । পিঠাপনা-জলপান সজোৱা প্ৰতিযোগিতাৰ মাধ্যমেৰে নৱ প্ৰজন্মৰ মাজত অসমীয়া পৰম্পৰাৰ শিক্ষা প্ৰদানৰ প্ৰয়াস কৰে নতুন চামগুৰি নৱজ্যোতি মহিলা সমিতিয়ে ।