ৰহাৰ কলঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
ৰহাত গৰাখহনীয়া পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই। বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে প্ৰথমে ৰহাৰ গড়মাৰীত কলঙৰ তিনিখুটিৰ ভয়াৱহ খহনীয়া পৰিদৰ্শন কৰে । উল্লেখ্য যে, যোৱা বছৰ কলং সূঁতিয়ে ৰহা-চাপৰমুখ পথ তথা ৰহা কামপুৰৰ পকী পথটো এটা অংশ খহাই নিছিল আৰু যাতায়াত বন্ধ হৈ পৰিছিল । পাচত লোক নিৰ্মাণ বিভাগে পথটো সামান্য বহল কৰি যাতায়াতৰ ব্যৱস্থা কৰিছিল যদিও স্থায়ী সমাধান হোৱা নাছিল । বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে উক্ত খহনীয়া পৰিদৰ্শন কৰি সম্প্ৰতি এই খহনীয়া অস্থায়ীভাৱে ৰোধৰ ব্যৱস্থা কৰাৰ লগতে ডিচেম্বৰ মাহৰ পৰা স্থায়ী ব্যৱস্থা কৰা হ'ব আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে ৷