অসম

assam

ETV Bharat / videos

অবৈধ চুলাই মদৰ ঘাটিৰ বাবে শোণিতপুৰত বাঢ়িছে কৰ'ণাৰ সংক্ৰমণ:পীযুষ হাজৰিকা - ভেকছিন

By

Published : Jul 10, 2021, 10:52 PM IST

শোণিতপুৰ জিলাত অব্যাহত আছে কৰ'ণাৰ (Corona) দ্ৰুত সংক্ৰমণ । এই সময়তে কৰ'ণা সংক্ৰমণকলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ (Pijush Hazarika) গুৰুত্বপূৰ্ণ মন্তব্য । মন্ত্ৰীগৰাকীৰ মতে চুলাই মদৰ ঘাটিৰ পৰাই সংক্ৰমণ বৃদ্ধি হৈছে । মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত আৰু আন বিষয়া সকলৰ সৈতে আলোচনা কৰাৰ পিছত এই তথ্য পোহৰলৈ আহিছে যে জিলাখনৰ যিবোৰ স্থান কন্টেইনমেন্ট জ'ন (Containment zone) ঘোষণা কৰা হৈছে তাৰ বহুততে আছে অবৈধ চুলাই মদৰ ঘাটি । সেয়ে জিলাখনৰ অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই । ইফালে কিছুদিন পূৰ্বে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জিলাখনত উপস্থিত হৈ সমগ্ৰ অসমৰ ভিতৰতে শোণিতপুৰত সংক্ৰমণৰ হাৰ কম বুলি মন্তব্য কৰিছিল । কিন্তু তাৰ পাছতে শোণিতপুৰক কন্টেইনমেন্ট হিচাপে ঘোষণা কৰা হয় । জিলাখনক কঠোৰ লকডাউনৰ পৰা বিৰত ৰাখিবলৈ স্বাস্থ্য বিভাগে মন্ত্ৰীগৰাকীক জিলাখনৰ তথ্য লুকুৱাই ৰাখিছিল বুলি এক অভিযোগ উত্থাপন হৈছে । সাংবাদিকে পীযুষ হাজৰিকাক এই সম্পৰ্কত প্ৰশ্ন কৰাত তেওঁ এই বিষয়ে সঠিকভাৱে কোনো উত্তৰ দিয়াৰ পৰা বিৰত থাকে ।

ABOUT THE AUTHOR

...view details