অসম

assam

ETV Bharat / videos

petroleum dealers association ৰ পেট্ৰ'ল পাম্প বন্ধ ৰখাৰ সিদ্ধান্ত বাতিল

By

Published : Oct 21, 2021, 10:12 PM IST

মহানগৰবাসীৰ বাবে এটা ভাল খবৰ । ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে গুৱাহ‍াটীৰ পেট্ৰ’ল পাম্পসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী শাখাই। উল্লেখ্য যে, বিভিন্ন দাবীৰ সমৰ্থনত নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী শাখাই ৪৮ ঘন্টাৰ বাবে পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতেই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰে সংগঠনটোৰ নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত হোৱা সিদ্ধান্ত মৰ্মে এছ’চিয়েশ্যনে লোৱা ২২ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ ৪৮ ঘণ্টীয়া পেট্ৰল পাম্প বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ লগত হোৱা বৈঠকত পেট্ৰল-ডিজেল এছ’চিয়েশ্যন আৰু তেল কোম্পানীৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে । নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ’চিয়েশ্যনৰ দহটা দাবীৰ প্ৰায় ছটা দাবী মানি লৈছে তৈল কোম্পানীয়ে । দীঘলীয়া বৈঠকৰ অন্তত এছ’চিয়েশ্যনে দুদিনীয়া পেট্ৰ'ল পাম্প বন্ধ ৰখাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুই সদৰি কৰে।

ABOUT THE AUTHOR

...view details