অসম চৰকাৰৰ নিৰ্দেশমৰ্মে বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো দেশভক্ত তৰুণৰাম ফুকনৰ 82 সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয় । ৰাজ্য চৰকাৰে দেশভক্তি দিৱস নামেৰে এই দিনটো অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত পালন কৰে । তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত বুধবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত অসমৰ সু-সন্তানগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । শিৱসাগৰৰ সমাজ, শিক্ষা, সাংস্কৃতিক জগতৰ বহু গণ্য-মান্য লোকৰ উপস্থিতিত অসমৰ সমাজ-ৰাজনীতিৰ সিংহপুৰুষ গৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁৰ মৃত্যুৰ দিনটোক সোঁৱৰণ কৰা হয় । এই অনুষ্ঠানত উদযাপনত উপস্থিত থাকে জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাছনাহানা আৰু একাংশ মুক্তি যুঁজাৰু ।