পাঠশালাত জলবন্দী এটা পৰিয়ালঃ বিছনাত ছটফটাইছে বৃদ্ধই - পাঠশালা বান
পাঠশালা,২৩জুলাইঃ বৰপেটা জিলাৰ পাঠশালাৰ এটা জলবন্দী পৰিয়াল ৷ পৰিয়ালটোৰ মূৰব্বী 75 বছৰীয়া বৃদ্ধাগৰাকীৰ সেমেকা দুচকুৰে অহৰহ নিগৰিছে চকুলো ৷ কাৰণ বানত পৰি কঁকাল ভৰিত আঘাতপ্ৰাপ্ত 75 বছৰীয়া বৃদ্ধজন ৷ চিকিৎসালয়লৈ যাবলৈ নাই কোনো সুবিধা ইপিনে বিছনাত বানে স্পৰ্শ কৰিবলৈ অলপহে বাকী ৷ পাঠশালাৰ সমীপৰ কেন্দুগুৰীৰ পুৰণবাৰীৰ এইজন 75 বছৰীয়া কন্দৰ্প পাটগিৰি ৷ পহুমাৰা নৈৰ পানীয়ে শেহতীয়া বানত এইজন দৰিদ্ৰ বৃদ্ধ কৃষকৰ পোহনীয়া গৰু ছাগলী,ধান আদিকে ধৰি সকলো সামগ্ৰী উটুৱাই নিয়াৰ উপৰি মাটিৰ ঘৰটোৰ বেৰ সমূহো খহাই লৈ যায় ৷ ইয়াৰ পিছতে আজি পুৱাৰ পৰা পুনৰ পহুমাৰা নৈৰ পানীৰ প্ৰবল সোতে চাৰি ফুটলৈ প্লাবিত কৰে বৃদ্ধজনৰ ঘৰ ৷ ইপিনে সাগৰ সদৃশ বানৰ মাজতে নিজ পুত্ৰ ,বোৱাৰী আৰু নাতিয়েকৰ লগত থকা এইজন বৃদ্ধ পিছলি পৰি কঁকাল আৰু ভৰিত আঘাতপ্ৰাপ্ত হৈ বিষ যন্ত্ৰণাত ছটফটাই কেৱল টুকিছে চকুলো ৷ চিকিৎসালয়লৈ যাবলৈও নাই কোনো ব্যৱস্থা, খাবলৈও নাই আহাৰ ৷ চকুৰে নেদেখিলে কল্পনা কৰিব নোৱাৰা এক কৰুণ দৃশ্য ৷ কিন্তু এই পৰ্যন্ত খবৰ নাই বজালী মহকুমা প্ৰশাসন, জিলা প্ৰশাসন অথবা জনপ্ৰতিনিধিৰ ৷ নাই কোনো সাহাৰ্য, নাই এটুপি বিশুদ্ধ খোৱাপানীও ৷ এতিয়া প্ৰশ্ন হৈছে, বানে সৰ্বস্বান্ত কৰা এনে পৰিয়ালক তৎকালে উদ্ধাৰ কৰিবলৈ কেতিয়াবা ব্যৱস্থা গ্ৰহণ কৰিবনে ৰজাঘৰে ৷
Last Updated : Jul 23, 2019, 7:12 PM IST