অসম

assam

By

Published : Jul 14, 2019, 9:11 AM IST

Updated : Jul 14, 2019, 9:35 AM IST

ETV Bharat / videos

পহুমৰা নৈৰ তাণ্ডৱ : নাৱেৰে চিলিণ্ডাৰ আৰু খাদ্য

বজালী,১৪জুলাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বজালী মহকুমাৰ ভৱানীপূৰ বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত পহুমৰা আৰু পল্লা নদীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে l বাঢ়নী পানীয়ে সমষ্টিটোৰ শুকমানা, দলোপথাৰ, বাংটী, বৰ ভিঠা আদি কেবাখনো গাঁও বুৰাই পেলাইছে l পৰিণতিত যাতায়ত বিঘ্নিত হৈ সকলো গৃহবন্দী হৈ পৰিছে l খাদ্য আৰু ৰন্ধন গেছ এতিয়া ৰাইজে কেইবাখনো নাৱেৰে নিজৰ পৰিয়ালৰ বাবে যোগান ধৰিছে l ৰোগীকো সময়ত নাৱেৰে নিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে l বহু পৰিয়াল আৰু পশুধন ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় লৈছে l
Last Updated : Jul 14, 2019, 9:35 AM IST

ABOUT THE AUTHOR

...view details