সম্পূৰ্ণ পাৰিতোষিক মোকোলাই দিয়াৰ দাবীত চচলত পঞ্চায়ত সদস্যৰ প্ৰতিবাদ - সদৌ অসম পঞ্চায়তৰ সদস্য সদস্যা সমন্নয় ৰক্ষী সমিতি
পঞ্চায়ত প্ৰতিনিধিসকলৰ সম্পূৰ্ণ পাৰোতোষিক মোকোলাই দিয়া, দৰমহা আয়োগ গঠন কৰা আৰু দৰমহা বৃদ্ধিকে ধৰি তেওঁলোকৰ সমস্যসমূহ সমাধানৰ দাবী তুলি মঙলবাৰে দ্বিতীয় দিনাও মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম পঞ্চায়তৰ সদস্য-সদস্যা সমন্নয় ৰক্ষী সমিতিয়ে ৷ প্ৰাপ্য অধিকাৰৰ দাবী তুলি সংগঠনটোৰ প্ৰতিবাদী সাদস্যসকলে হাতে হাতে ফ্লেগ-বেনাৰ লৈ বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰে আমাৰ মাহিলী দৰমহা নিৰ্ধাৰণ কৰক, দৰমহা আয়োগ গঠন কৰক, পঞ্চায়তৰ সদস্য সকলক পৰিতোষিক আদায় দিয়ক,সম্পূৰ্ণ পাৰোতোষিক মোকোলাই দিয়ক, চৰকাৰে পঞ্চায়তৰ সদস্য সকলক 20 হাজাৰ টকা দৰমহা দিয়ক, পেঞ্চনৰ ব্যৱস্থা কৰক, চৰকাৰী সা-সুবিধা প্ৰদান কৰক আদি শ্লোগান দিয়ে ৷ ইফালে সংগঠনটোৰ সভাপতি দিব্যজ্যোতি শইকীয়াই কয় যে, চৰকাৰৰ অৱহেলাৰ বাবে বিগত তিনিবছৰ ধৰি পঞ্চায়তৰ সদস্য-সদস্যা সকল প্ৰাপ্য পৰিতোষিক লাভৰ পৰা বঞ্চিত হৈ আছে ৷ তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ দাবী তুলি সমন্বয় ৰক্ষী সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু ৰাজ্যপালক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো আজিলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে ৷