অসম

assam

ETV Bharat / videos

মুম্বাইত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল ডিগবৈৰ পল্লৱী শইকীয়া - LIVA TOP MODEL পুৰস্কাৰ লাভ কৰিছে পল্লৱীয়ে

By

Published : Oct 8, 2021, 6:22 PM IST

মায়ানগৰী মুম্বাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা LIVA MISS DIVA 2021 ত দুটাকৈ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ডিগবৈ টিংৰাইৰ পল্লৱী শইকীয়াই ৷ প্ৰতিযোগিতাত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি TIMES MISS TALENTED খিতাপ দখল কৰাৰ লগতে LIVA TOP MODEL ৰ পুৰস্কাৰো লাভ কৰিছে পল্লৱীয়ে ৷ মুম্বাইৰ Famous studio ত যোৱা 5 ছেপ্তেম্বৰ ৰ পৰা 30 ছেপ্তেম্বৰলৈকে অনুষ্ঠিত হোৱা এই সৌন্দৰ্য প্ৰতিযোগিতাত শীৰ্ষ দহ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল উত্তৰ-পূৱৰ একমাত্ৰ প্ৰতিযোগী পল্লৱীয়ে ৷ উল্লেখ্য যে, দি লিটিল ষ্টাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা পল্লৱীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত ফলাফলত ডিগবৈ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰিছে ৷ আনহাতে ইতিমধ্যেই সত্ৰীয়া নৃত্য, ভাৰত নাট্যম আৰু শাস্ত্ৰীয় সংগীতত বিশাৰদ সন্মান লাভ কৰিছে পল্লৱীৱে ৷ পল্লৱী শইকীয়া হৈছে শিক্ষক হেমন্ত শইকীয়া আৰু অনিমা শইকীয়াৰ জ্যেষ্ঠা কন্যা ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details