অসম

assam

ETV Bharat / videos

মৰাণত দেৱাল জিলিকিছে লাভলীনাৰ প্ৰতিচ্ছবিৰে

By

Published : Aug 11, 2021, 9:31 PM IST

বৃহস্পতিবাৰে স্ব-গৃহত উপস্থিত হ’ব অসম জীয়ৰী লাভলীনা বৰগোঁহাই ৷ অলিম্পিকত পদক লাভ কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা বক্সাৰ লাভলীনা বৰগোঁহাইক গৃহ ৰাজ্যলৈ আদৰণি জনাবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰাণতো চলিছে ব্যাপক প্ৰস্তুতি ৷ অলিম্পিকত পদক প্ৰাপ্ত বক্সাৰ লাভলীনা বৰগোঁহাইক নিজ গৃহভূমিলৈ আদৰিবলৈ মৰাণত চিত্ৰ শিল্পীয়ে লৈছে ব্যতিক্ৰমী পদক্ষেপ ৷ দেৱালত লাভলীনাৰ ছবি অংকনেৰে দিছে চমক । মৰাণ টাউনৰ মহিলা মহাবিদ্যালয় পথৰ কাষৰ পকী দেৱালত লাভলীনা বৰগোঁহাইৰ ছবি অংকন কৰি শুভেচ্ছা জনোৱাৰ লগতে গৃহ ৰাজ্যলৈ আদৰণি জনাই এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মৰাণৰ চিত্ৰশিল্পী কুণাল বাৰ্মা আৰু নিৰ্জা গগৈয়ে । লাভলিনা বৰগোহাঁই যাতে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰেৰণা হয় সেই উদ্দেশ্যে এইদৰে লাভলীনাৰ ছবি অংকন কৰিছে মৰাণৰ দুই চিত্ৰশিল্পীয়ে ।

ABOUT THE AUTHOR

...view details