লক্ ডাউন শিথিলৰ পিচতে নগাঁৱৰ ঢাকাইপট্টিত অস্বাভাৱিক সমাগম - overcrowded-situation-in-nagaon-after-relaxation-of-3rd-stage-lockdown
তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ ক্ষেত্ৰত দিয়া কিছু শিথিলতাৰ পিচতে নগাঁও চহৰত দেখা গৈছে অস্বাভাৱিক ভীৰ । নগাঁৱৰ ঢাকাইপট্টিত চৰকাৰ তথা জিলা প্ৰশাসনে দিয়া নীতি-নিয়ম মতেই দোকানসমূহ খোলা হৈছে যদিও, সমাগম ঘটিছে বহু লোকৰ । যেন সম্পূৰ্ণ শিথিল কৰা হৈছে লক্ ডাউন । সম্পূৰ্ণৰূপে যেন নিৰ্মূল হৈছে কৰ'ণাৰ সন্ত্ৰাস ।