Outsourcing Panchayat Employee : ডিব্ৰুগড়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি - ডিব্ৰুগড়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি
ৰাজ্যজুৰি অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ (Outsourcing panchayat employees protest)। শেহতীয়াকৈ ডিব্ৰুগড়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিত কৰ্মচাৰীৰ প্ৰতিবাদ ৷ শুকুৰবাৰে ডিব্ৰুগড় লাহোৱাল উন্নয়ন খণ্ড কাৰ্যালয়, টিংখাঙৰ খণ্ড উন্নয়ন কাৰ্যালয়, খোৱাঙ খণ্ড উন্নয়ন কাৰ্যালয়ত ঠিকাভিত্তিত কৰ্মচাৰীৰ সকলে বিভিন্ন দাবী উত্থাপন কৰি কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ আৰ অ' পিৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সমকামৰ সমবেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালী হৈ থকা প্ৰতিটো পদৰ বিপৰীতে যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিত কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা আদিৰ দাবীত বিগত 1 ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন ঠিকাভিত্তিত কৰ্মচাৰী পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছে । এই প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰে সংগঠনটোৰ জিলা সমিতিৰ সম্পাদক সত্যজিৎ গগৈ, ব্লক সমিতিৰ সভাপতি সুভাষ দত্ত, সাধাৰণ গুণীন শইকীয়াই ।