অসম

assam

ETV Bharat / videos

Outsourcing Panchayat Employee : বিলাসীপাৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি - পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Feb 8, 2022, 9:49 PM IST

ৰাজ্যজুৰি অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ (Outsourcing panchayat employees protest)। শেহতীয়াকৈ বিলাসীপাৰাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিত কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু ধৰ্মঘট (Outsourcing panchayat employees protest in Bilasipara) ৷ বিগত 1 ফেব্ৰুৱাৰীৰ পৰা বিলাসীপাৰা উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগণত ঠিকাভিত্তিত কৰ্মচাৰীৰ সকলে বিভিন্ন দাবী উত্থাপন কৰি কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ আৰ অ' পিৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সমকামৰ সমবেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালী হৈ থকা প্ৰতিটো পদৰ বিপৰীতে যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিত কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা আদিৰ দাবীত বিগত 1 ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন ঠিকাভিত্তিত কৰ্মচাৰী পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । প্ৰতিবাদকাৰী ঠিকাভিত্তিক কৰ্মচাৰী সকলে বিভিন্ন দাবীৰে বিলাসীপাৰা উন্নয়ন খণ্ড বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে এই দাবী সমূহ সমাধানৰ সূত্ৰ উলিয়াবলৈ কৰ্মচাৰীসকলে অতিশীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত হস্তক্ষেপ প্ৰদান কৰিবলৈকো দাবী জনায় ।

For All Latest Updates

ABOUT THE AUTHOR

...view details