টীয়কত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰে মুকলি কৰে সাংস্কৃতিক কলা কেন্দ্ৰ - সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰ
টীয়কৰ পৰ্বতীয়া গাঁৱৰ পংকজ বৰুৱা নামৰ এগৰাকী সংস্কৃতিবান যুৱকৰ অশেষ পৰিশ্ৰম আৰু অঞ্চলটোৰ কেইবাজনো উদিয়মান যুৱকৰ প্ৰচেষ্টাত দেওবাৰে এক আধ্যাত্মিক পৰিবেশত এটি সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰ আনুষ্ঠানিক ভাৱে ঐতিহাসিক আউনীআটী সত্ৰৰ টীয়কৰ পৰ্বতীয়া গাঁৱৰ পংকজ বৰুৱা নামৰ এগৰাকী সংস্কৃতিবান যুৱকৰ অশেষ পৰিশ্ৰম আৰু অঞ্চলটোৰ কেইবাজনো উদিয়মান যুৱকৰ প্ৰচেষ্টাত দেওবাৰে এক আধ্যাত্মিক পৰিৱেশত এটি সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰ আনুষ্ঠানিক ভাৱে ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে মুকলি কৰে । উল্লেখ্য যে, ক’ভিড মহামাৰী ৰোধৰ ক্ষেত্ৰত চৰকাৰে ঘোষণা কৰা লক ডাউনৰ দীৰ্ঘ সময়ছোৱাত পংকজ বৰুৱাই নিজৰ গৃহতে স্থানীয় শতাধিক ছাত্ৰ-ছাত্ৰীক ক’ভিডৰ সকলো নীতি নিৰ্দেশনা অৱলম্বন কৰি গুৰু দুজনাৰ অমৰ সৃষ্টি বৰগীত, দিহানাম, নেগাৰা, খোল আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল । পৰৱৰ্তী সময়ত উক্ত ছাত্ৰ-ছাত্ৰী সকলক লৈ সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰি শ্ৰোতা দৰ্শকৰ বিপুল সমাদৰ বুতলিবলৈ সক্ষম হৈছিল পংকজ বৰুৱাই ৷