ONGCৰ তেল পৰিবাহী পাইপ ফুটি শিৱসাগৰত বৃহৎ কৃষিভূমিৰ ক্ষতিসাধন
অ’এনজিচি (ONGC)ৰ খাৰুৱা তেল পৰিবাহী পাইপ ফুটি শিৱসাগৰ জিলাৰ মেছাগড়ৰ বৃহৎ কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে । বৃহস্পতিবাৰৰ নিশাৰ পৰা মেছাগড়ৰ বৰপথাৰ অঞ্চলৰ প্ৰায় 20 বিঘাৰো অধিক কঠিয়া ৰোপণ কৰা মাটিত খাৰুৱা তেল উপঙিবলৈ ধৰাত কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । পাছত অ’এনজিচি (ONGC)ৰ বিষয়াৰ এটা দল আহি অঞ্চলটো পৰিদৰ্শন কৰি পাইপ লাইনত বৃহৎ ফাট প্ৰত্যক্ষ কৰে। তেল চুৰিৰ লগত জড়িত কোনো দুস্কৃতিকাৰীয়ে পাইপ ফুটাই অঞ্চলটোত তেল চুৰিৰ চেষ্টা কৰাৰ ফলতেই এনে ঘটনা সংঘটিত হোৱা বলি সন্দেহ কৰিছে স্থানীয় লোকে।