শিৱসাগৰত আৰক্ষীৰ গুলীত আহত এজন অভিযুক্ত - sivsagar police
সোমবাৰে নিশা শিৱসাগৰত সংঘটিত হৈছে এক অঘটন ৷ আৰক্ষীৰ কৱলৰ পৰা পলাই যাবলৈ চেষ্টা কৰা অপৰাধীক গুলীয়াই আহত কৰে শিৱসাগৰ আৰক্ষীয়ে ৷ শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে জনোৱা অনুসৰি, অ’ এন জি চি(ONGC) শিৱসাগৰ আৰক্ষীয়ে অসম সম্পদৰ তিনি বিষয়া কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত দেওবাৰে শদিয়াৰ পৰা ভূপেন বৰুৱা নামৰ এক অভিযুক্তক গ্ৰেপ্তাৰ কৰে । অভিযুক্ত জনক নাজিৰা থানালৈ লৈ অনাৰ সময়ত নাজিৰাত সুবিধা বুজি আৰক্ষীৰ কৱলৰ পৰা ভূপেন বৰুৱাই পলায়নৰ চেষ্টা কৰে । অভিযুক্ত জনে নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ ছাৰ্ভিছ ৰিভলভাৰ কাঢ়ি পলায়ন কৰাৰ চেষ্টা চলাই ৷ সেয়ে আৰক্ষীয়ে উপায়হীন হৈ অভিযুক্ত ভূপেন বৰুৱাক গুলিয়াবলৈ বাধ্য হয় । এই এনকাউণ্টাৰত ভূপেন বৰুৱাৰ ভৰিত গুলি লাগি আঘাতপ্ৰাপ্ত হয় । বৰ্তমান চিকিৎসাৰ বাবে ভূপেন বৰুৱাক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিব দিছে ।