Sextortion in Tezpur : মহিলাক ব্লেকমেইল কৰি গ্ৰেপ্তাৰ হ’ল নবীন - ভুৱা ফেচবুক একাউন্ট
ফেচবুকৰ জৰিয়তে মহিলাক ব্লেকমেইল কৰি গ্ৰেপ্তাৰ হ’ল গুৱাহাটীৰ এজন যুৱক (One arrested for black mailing women)। শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ব্লেকমেইল কৰা যুৱকক (Sonitpur Police arrest cyber criminal) । গুৱাহাটীৰ ভৰলুমুখৰ নৱীন পাৰিক নামৰ এজন যুৱকে মহিলাৰ নামত ভুৱা ফেচবুক একাউন্ট খুলি শোণিতপুৰ জিলাৰ এগৰাকী মহিলাক বন্ধুৰ লিষ্টত অন্তৰ্ভুক্ত কৰে । পৰৱৰ্তী পৰ্যায়ত নবীনে অতি কৌশলৰে মহিলা গৰাকীৰ এখন নগ্ন ফটো সংগ্ৰহ কৰি ফটোখন ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছে ৷ এইদৰে ব্লেকমেইল কৰি চাৰিটা কিস্তিত মহিলা গৰাকীৰ পৰা নব্বৈ হাজাৰ টকা আদায় কৰে নবীনে । মহিলা গৰাকীয়ে আৰক্ষীক সমস্ত ঘটনা অৱগত কৰাত শোণিতপুৰ আৰক্ষীয়ে জামুগুৰি থানাত এক গোচৰ পঞ্জীভূক্ত কৰি তদন্ত আৰম্ভ কৰে । শোণিতপুৰৰ আৰক্ষী অধীক্ষক ড৹ ধঞ্জয় ঘনাৱটৰ তৎপৰতাত গুৱাহাটীৰ ভৰলুমুখৰ পৰা শোণিতপুৰ আৰক্ষীয়ে জামুগুৰি থানাত পঞ্জীভূক্ত ৭২/২১ নম্বৰৰ গোচৰত নৱীন পাৰিকক গ্ৰেপ্তাৰ কৰিছে ।