অসম

assam

ETV Bharat / videos

হোজাইত অবৈধভাবে ৰেল টিকট তৈয়াৰ কৰাৰ অভিযোগত আটক এজন

By

Published : Oct 4, 2021, 2:06 PM IST

হোজাইত জিলাৰ লংকাত ৰেল সুৰক্ষা বাহিনীয়ে দেওবাৰে অবৈধভাৱে ৰেলৰ টিকট তৈয়াৰ কৰাৰ অভিযোগত শ্বিলং ৰোডৰ ১ নং ৱাৰ্ডৰ গুগল ইণ্টাৰনেট নামৰ দোকানখনত অভিযান চলায় ৷ উল্লেখ্য যে, লংকাৰ গুগল ইণ্টাৰনেট নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী সুভাষ দাসে বহু দিনৰ পৰা অবৈধ ভাবে ৰেলৰ টিকট বিক্ৰী কৰি আহিছিল । অৱশেষত দেওবাৰে ৰেল আৰক্ষীৰ জালত পৰে সুভাষ দাস । অভিযানকাৰী দলটোৱে তিনিটা ৰেল টিকটসহ এটা লেপটপ, মোবাইল আৰু অন্যান্য নথি-পত্ৰ জব্দ কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী সুভাষ দাসক আটক কৰে । বৰ্তমানে হোজাই ৰেল আৰক্ষীৰ থানাত সুভাষ দাসৰ জেৰা অব্যাহত ৰাখিছে ৰেল আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details