বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে নাৰ্চাৰী ব্যৱসায়ীসকল
লক ডাউনৰ এই সময়চোৱাত কম-বেছি পৰিমাণে লোকচানৰ সন্মুখীন হৈছে সকলো ব্যৱসায়ী । বহু ব্যৱসায়ীৰ পৰিয়াললৈ সংকট নামি অহা পৰিলক্ষিত হৈছে । আজিৰ পৰা কেইবছৰমান পূৰ্বে পোন প্ৰথমে বজালীৰ পাঠশালাত নাৰ্চাৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল উদীয়মান ব্যক্তি প্ৰণৱ শৰ্মা আৰু পত্নীয়ে । এটা সময়ত নাৰ্চাৰীৰ ব্যৱসায়ৰ জৰিয়তে এক স্বচ্ছল জীৱন অতিবাহিত কৰা শৰ্মা দম্পতীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা । বিগত বৰ্ষৰ লক ডাউন আৰু এই বৰ্ষৰ আংশিক লক ডাউনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে নাৰ্চাৰীখন । গ্ৰাহকৰ অভাৱত নাৰ্চাৰীতে নষ্ট হৈ গৈছে ফুল, ফল-মূল আৰু বিভিন্ন মূল্যবান বিভিন্ন গছৰ পুলি । নাৰ্চাৰীখনত ৭ জনকৈ কৰ্মচাৰী নিয়োগ কৰি ৭ টাকৈ পৰিয়াল পোহপাল দি আছিল দম্পতীটোৱে । সেইবাবে সকলোৰে এক আদৰ্শ হৈ পৰিছিল এই শৰ্মা দম্পতী ।