ক’ভিড ৰোগীক সেৱা আগবঢ়োৱা নাৰ্চ সকলে কেনেদৰে সাজু কৰে নিজক ? - ক’ভিড যোদ্ধা
ডিব্ৰুগড়ৰ জিলাত মুঠ 10 টা ক’ভিড কেয়াৰ কেন্দ্ৰত প্ৰায় 106 গৰাকী নাৰ্ছে চিকিৎসা সেৱা আগবঢ়াই আহিছে ৷ এই দহটা চেন্টাৰৰ ভিতৰত 5 খন ম’ডেল হাস্পতালো আছে । ইফালে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুঠ প্ৰায় 350 গৰাকী নাৰ্ছে ক’ভিড ৰোগীৰ চিকিৎসাত নিয়োজিত হৈ আছে । উল্লেখ যে, অসম চিকিৎসা মহাবিদ্যালয়ৰ ইয়াৰে একাংশ নাৰ্ছে স্বেচ্ছাসেৱক ভাবেও নিজৰ দৈনিক চিকিৎসা সেৱাৰ আগবঢ়োৱাৰ ওপৰি অতিৰিক্ত ভাৱে ক’ভিড ৰোগীৰ চিকিৎসা সেৱা কৰাত নিয়োজিত হয় । এই সকল ক’ভিড যোদ্ধাৰো আছে এখন ঘৰ, আপোন জন আৰু এটা পৰিয়াল। তেঁওলোকৰ কাৰোবাৰ আছে হয়তো কণমানি সন্তান আৰু কোনোৱা বয়োজ্যষ্ঠ আত্মীয়। তথাপিও এই মহামাৰীৰ সময়ত মানুহৰ জীৱনৰ কাৰণে নিজকে উছৰ্গা কৰাৰ বাবে তেঁওলোকে কৰে গৌৰৱবোধ ।